ব্লেক ফাংগাছৰ বিষয়ে কিছু কথা


কৰ'
ণাৰ দ্বিতীয়টো ঢৌৰ মাজতে বিৰল কৃষ্ণ ভেকুঁৰ অৰ্থাৎ ব্লেক ফাংগাছ (Black Fungus) ৰোগবিধ এতিয়া চৰ্চাৰ কাৰণ হৈ পৰিছে  এই ৰোগ মিউকৰ অৰ্থাৎ লা ভেকুঁৰৰ ফলত হয় চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক মিউকৰমাইকচিচ (Mucormycosis) বোলা হয় গুজৰাট, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, উত্তৰপ্ৰদেশ, বিহাৰ আৰু উৰিষ্যাৰ দৰে ৰাজ্যসমূহত ব্লেক ফাংগাছৰ কেইবাটাও ঘটনা পোহৰলৈ আহিছেঅসমতো ইতিমধ্যে প্ৰথমজন আক্ৰান্তৰ খবৰ স্থানীয় টিভি চেনেল, কাকত, সামাজিক মাধ্যম আদিত বহুলভাৱে প্ৰচাৰ হোৱা পৰিলক্ষিত হৈছে আহঁকচোন জানি লওঁ এই ব্লেক ফাংগাছ ৰোগবিধনো কি ! সচাঁকৈয়ে ই মাৰাত্মক নে ? এই ৰোগ সংক্ৰামক হয় জানো ? ক'ভিড ৰোগীৰ সৈতে ব্লেক ফাংগাছৰ কি সম্পৰ্ক ?

ব্লেক ফাংগাছৰ কাৰক আৰু দেহত ইয়াৰ প্ৰৱেশ:

মিউকৰমাইক'চিচ অৰ্থাৎ ব্লেক ফাংগাছ নামৰ ৰোগবিধ এতিয়া ক'ভিডৰ সমান্তৰালভাৱে  ভাৰতবৰ্ষত চিকিৎসা যন্ত্ৰটোৰ বাবে এক নতুন প্ৰত্যাহবান স্বৰূপে থিয় দিছে । মিউকৰ অৰ্থাৎ ক'লা ভেকুঁৰৰ সংক্ৰমণৰ ফলত এই ৰোগবিধ হয় । এই ভেকুঁৰ সাধাৰণতে সেমেকাঁ মাটি, গছ-গছনি, সাৰ, পচাঁ ফল-মূল, শাক-পাচঁলি আদিত উৎপন্ন হয় । ইয়াৰ উপৰিও বতাহ আৰু পানীতো ইয়াৰ উপস্থিতি ধৰা পৰিছে । মাটিৰ সংস্পৰ্শত আহিলে এইবিধ ভেকুঁৰ নাক অথবা তেজৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰে । ইয়াৰ পাছত ই ছাল, হাওঁফাওঁ, চকু আৰু মগজুত ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে । এই ব্লেক ফাংগাছৰ প্ৰভাৱৰ ফলত মৃত্যুৰ হাৰ প্ৰায় ৫০% পৰ্যন্ত হোৱাৰ আশংকা থাকে । বহুক্ষেত্ৰত ব্লেক ফাংগাছৰ চিকাৰ হোৱা ৰোগীৰ আক্ৰান্ত চকু অথবা আন অংগ অস্ত্ৰোপচাৰৰ জৰিয়তে বাহিৰ কৰি দিবলগীয়া হয় ।
 
লক্ষণ:

এই ৰোগৰ সম্ভাৱ্য মূল লক্ষণ সমূহ হ'ল-
@নাক বন্ধ হোৱা
@নাকেৰে তেজ নিৰ্গত হোৱা
@চকু আৰু মুৰৰ বিষ
@চকু তথা মুখমণ্ডলৰ খজুৱতি
@চকুৰে ধুঁৱলি-কুঁৱলি দেখা
@দাতঁৰ বিষ আৰু
@তেজ বমি হোৱা
 
 
 
কৰ'ণা ৰোগীৰ সৈতে ব্লেক ফাংগাছৰ কি সম্পৰ্ক:

আচলতে ভাৰতবৰ্ষত সেইসকল লোকহে কৰ'ণাত অধিক আক্ৰান্ত হৈছে যিসকল পূৰ্বৰে পৰা ডায়বেটিছ অৰ্থাৎ মধুমেহ ৰোগত দীৰ্ঘদিন ধৰি ভূগি আছে অথবা অন্য কোনো বেমাৰৰ চিকিৎসাৰ বাবে ষ্টেৰয়ড গ্ৰহণ কৰি আছে । কৰ'ণা ভাইৰাছে আমাৰ দেহৰ প্ৰতিৰক্ষা তন্ত্ৰটোত পোনপটিয়াকৈ আক্ৰমণ কৰে যাৰ ফলত শৰীৰত পূৰ্বৰে পৰা থকা অন্য কিছুমান ৰোগ অধিক সক্ৰিয় হৈ পৰে । ষ্টেৰয়ডৰ প্ৰয়োগেও আমাৰ দেহৰ প্ৰতিৰক্ষা ব্যৱস্থাটোক যথেষ্ট পৰিমাণে দুৰ্বল কৰি পেলায় । প্ৰধানত: ৰোগ প্ৰতিৰোধ তন্ত্ৰটো দুৰ্বল হৈ পৰা আৰু শৰীৰত শৰ্কৰাৰ(চুগাৰ) পৰিমাণ বৃদ্ধি হোৱাৰ ফলত ব্লেক ফাংগাছে আক্ৰমণ কৰিবলৈ যথেষ্ট পৰিমাণে সুবিধা পায় ।

প্ৰতিকাৰ:

যিকোনা নতুন বেমাৰৰ নাম শুনিলেই আমি তাৎক্ষণিকভাৱে শংকিত হ'ব নালাগে । সজাগ হ'ব লাগে । বেমাৰ থাকিলে নিশ্চয় ইয়াৰ প্ৰতিকাৰ নতুবা দৰৱ থাকিবই । প্ৰথমতে কওঁ ব্লেক ফাংগাছ এবিধ বিৰল ৰোগ আৰু আন ৰোগৰ দৰে ই সংক্ৰামকো নহয় । গতিকে ভয়ৰ ইমান কাৰণ নাই ।
তথাপিও এই ৰোগৰ পৰা বাচি থাকিবলৈ হ'লে আমি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব । ঘৰৰ পৰা বাহিৰ ওলাওতে বায়ুমণ্ডলৰ ধূলি-মাকতি, ধোৱা আদিৰ পৰা হাত সাৰিবলৈ ফেচ মাস্ক ব্যৱহাৰ কৰিব লাগিব । মাটিৰে সম্পৰ্ক থকা কাম-কাজবোৰ কৰোতে আমি হেণ্ড গ্লোভ্জ অৰ্থাৎ হাতমোজা পৰিধান কৰিব লাগিব । ভালদৰে গা ধোৱা অভ্যাস কৰিব লাগিব তথা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিব লাগিব। পৰিৱেশ তথা চৌপাশ আৱৰ্জনামুক্ত কৰি ৰাখিব লাগিব । আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল চিকিৎসকৰ পৰামৰ্শমতে আমি দেহৰ প্ৰতিৰক্ষা ক্ষমতা অৰ্থাৎ ইমিউনিটি বৰ্দ্ধিত কৰিব পৰা খাদ্য, ফল-মূল, সেউজীয়া শাক-পাচলি আদি গ্ৰহণ কৰিব লাগিব । মনত ৰাখিব আপোনাৰ যদি ইমিউনিটি চিষ্টেম ভাল তেন্তে ক'ভিড, ব্লেক ফাংগাছৰ দৰে হাজাৰটা বেমাৰেও আপোনাৰ একো লৰাব নোৱাৰে । সকলো কুশলে থকাৰ কামনাৰে লিখনি ইমানতে সামৰিলো ।
 
জিয়াৰুল চৌধুৰী
গ্ৰন্থাগাৰিক, দিল্লী পাব্লিক স্কুল কামৰূপ
ফোন: ৭৮৯৬৭৫৪৭০০
 

Comments

  1. ধুনীয়া হৈছে ৷ আৰু লিখিবা ৷

    ReplyDelete

Post a Comment

Popular posts from this blog

বাদুলিৰ বিচিত্ৰ জগতখন