বাদুলিৰ বিচিত্ৰ জগতখন

'বাদুলি- শব্দটো শুনাৰ লগে লগে প্ৰথমেই আমাৰ চকুৰ সমুখত কোনবোৰ দৃশ্য ভাহি উঠে ! হয়, ঠিকেই ভাবিছে-কালিকা লগা এটা ৰাতি, ঘোৰ অন্ধকাৰ পৰিৱেশ, তিমিৰাচ্ছন্ন এটি গুহা অথবা পৰম নিৰ্জনতাই বিৰাজ কৰা, জনবসতিৰ পৰা বহু দূৰৈত অৱস্থিত এক পূৰণি গৃহ অথবা ভূতবাংলা অতীজৰে পৰা মানৱসমাজত বাদুলি সম্পৰ্কে বিভিন্ন ভ্ৰান্ত ধাৰণা তথা অন্ধবিশ্বাস প্ৰচলিত হৈ আহিছে ভাৰতবৰ্ষও ইয়াৰ ব্যতিক্ৰম নহয়, বাদুলি সম্বন্ধীয় অনেকৰকমৰ কাহিনী, ঘটনা  ভাৰতৰ বিভিন্ন অঞ্চলৰ লোকৰ মুখে মুখে শুনিবলৈ পোৱা যায় বহুতে কয় বাদুলি এবিধ শুভ প্ৰাণী আকৌ আন বহুলোকৰ মতে সৌভাগ্যৰ প্ৰতীক পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰতো বাদুলিৰ আছে এক বৃহৎ ভূমিকা প্ৰকৃততে বাদুলি এক অতি ৰহস্যময়ী জীৱ বহুতো আজৱ আৰু আশ্বৰ্যকৰ কথা জড়িত হৈ আছে বাদুলিৰ সৈতে



আজি সমগ্ৰ বিশ্ব ভিড-১৯ মহামাৰীৰ সৈতে যুঁজি আছে না ভাইৰাছৰ সংক্ৰমণে লক্ষ-লক্ষ লোকৰ প্ৰাণ কাঢ়িছে আৰু বিভিন্নমহলে দাবী কৰা অনযায়ী এই সমগ্ৰ পৰিঘটনাৰ বাবে মূলত: দায়ী চীনৰ ৱুহান চহৰৰ বহুচৰ্চিত সেই বাদুলী আচলতে এয়াই প্ৰথম নহয়, পূৰ্বতেও বাদুলিৰ দেহত পোৱা মাৰাত্মক ভাইৰাছৰ বাবে মানৱদেহলৈ অন্যান্য বহুতো দুৰ্লভ ৰোগৰ সংক্ৰমণ ঘটিছিল বাদুলিৰ দ্বাৰা সংক্ৰমিত অধিকাংশ ৰোগেই মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে ভাৰতবৰ্ষতো এক অন্ধবিশ্বাস প্ৰচলিত আছে যে যি ঘৰত বাদুলিৰ প্ৰৱেশ ঘটে, সেই ঘৰলৈ বাদুলিয়ে স্বয়ং যমদূতকো লগতে লৈ আহে



উৎপত্তি:

বাদুলিৰ বৈজ্ঞানিক নাম Chiroptera, যিটো এক গ্ৰীক শব্দ ইয়াৰ অৰ্থ হস্তপাখি Cheir মানে হাত আৰু pteron মানে পাখি বাদুলিৰ পাখি দুখন আঙুলিৰ হাড়ৰ ৰপান্তৰ বিজ্ঞানী সকল মতে পৃথিৱীলৈ বাদুলিৰ আগমন ঘটিছিল প্ৰায় ৬৫-১০০ মিলিয়ন বছৰ পূৰ্বে যিটো সময়ত পৃথিৱীখন ডাইনচৰৰ বিচৰণ ভূমি আছিল সেহতীয়া তথ্য অনুযায়ী অতিকায় বাদুলি(megabat) বিলাক প্ৰায় ৩৫ মিলিয়ন বছৰৰ আগতে পৃথিৱীলৈ আহিছিল



বৈশিষ্ট, আচৰণ আৰু অৱস্থিতি:

বাদুলি  একমাত্ৰ স্তন্যপায়ী প্ৰাণী যি চৰাইৰ দৰে উৰিব পাৰে। ইহঁতে পোৱালী জন্ম দিয়ে আৰু পোৱালীয়ে মাকৰ গাখীৰ খাই পুষ্টি সাধন কৰে  বাদুলিৰ শৰীৰৰ বৰণ সাধাৰণতে মূগা, লা, কমলা অথবা ৰঙা হোৱা দেখা যায় ইয়াৰ ডেউকা আৰু শৰীৰ পাতল চামৰাৰে আবৃত। বাদুলিয়ে চৰাইৰ দৰে মাটিৰ পৰা ওপৰলৈ উৰিব নোৱাৰে কাৰণ ইয়াৰ পিছফালৰ পাখি উৰণৰ উপযোগী হোৱাকৈ বিকশিত নহয় সেইবাবে ইহঁতে ওখ-ওখ গছত ওলোটাকৈ ওলমি থাকে যাতে মন গলেই প্ৰয়োজনত উৰা মাৰিব পাৰে বাদুলিৰ এটা সমূহক কলনি বোলা হয় পৃথিৱীত প্ৰায় ১৪০০ তকৈও অধিক প্ৰজাতিৰ বাদুলি পোৱা যায় বিভিন্ন প্ৰজাতিৰ বাদুলিয়ে উপযুক্ত পৰিৱেশ তথা খাদ্যৰ সন্ধানত দূৰ-দূৰণিলৈ প্ৰবজন কৰে  ৭০% বাদুলিয়ে পোক-পৰুৱা ভক্ষণ কৰি জীয়াই থাকে অৱশিষ্টখিনি গছৰ ফলৰ ওপৰত নিৰ্ভৰশীল ভেকুলিৰ দৰে বাদুলিয়েও কেইবামাহলৈ শীতনিদ্ৰাত পৰে এই সময়ছোৱাত দেহত সঞ্চিত চৰ্বি গলি গলি শৰীৰটো জীয়াই ৰাখে



বাদুলিৰ গৰ্ভধাৰণ ক্ষমতা লেহেমীয়া ইহঁতৰ পোৱালি জন্ম দিয়াৰ ক্ষমতাও অতি কম বাদুলিয়ে এবাৰত এটাকৈ পোৱালী জন্ম দিয়ে যদিও কিছুমান প্ৰজাতিৰ বাদুলিয়ে দুই তিনিটাকৈ পোৱালি জন্ম দিব পাৰে সাধাৰণতে সৰু জাতৰ বাদুলিৰ পোৱালীবোৰ ৭ৰ পৰা সপ্তাহমানৰ ভিতৰত উৰিব পৰা হয় আনহাতে বৃহৎ আকাৰৰ বাদুলিবোৰে উৰিবলৈ প্ৰায় ৪মাহ সময় লয় বাদুলীৰ জীৱনকাল প্ৰায় ২০ বছৰ উৰিব পৰা বৈশিষ্ট্যটোৰ বাবে বাদুলি পৃথিৱীত বহুল ভাৱে বিস্তৃত বাদুলিবোৰে ইক'ল'কেশ্যন (echolocation) নামৰ প্ৰক্ৰিয়াৰে চলন-ফুৰণ আৰু খাদ্য সংগ্ৰহ কৰে। বাদুলিবোৰে নিজৰ স্বৰযন্ত্ৰৰ সহায়ত এক বিশেষ ধৰণৰ অতিশব্দৰ (ultra-sound)সৃষ্টি কৰে আৰু সেই শব্দ বায়ুৰ মাজেদি তৰংগৰ ৰূপত বিস্তাৰিত হৈ যাওঁতে গতিপথত কোনো বস্তুত প্ৰতিফলিত হৈ ঘূৰি আহি পুনৰ কাণত পৰেহি। সেই প্ৰতিফলিত শব্দ গ্ৰহণৰ দ্বাৰা ইহঁতে খাদ্য বা অন্য বাধা আদিৰ বিষয়ে নিমিষতে সম্ভেদ পায়। বাদুলিৰ প্ৰতিধ্বনিত তৰংগৰ সংকেত ইমানেই তীক্ষ্ণ যে ইয়াৰ সহায়ত মানুহৰ চুলিৰ সমান সূক্ষ্ম স্তুৰো অনুমানো ইহঁতে মাইক্ৰছেকেণ্ডত লগাব পাৰে বাদুলিয়ে নাকৰ পাহিৰ সহায়ত ১৬ ছেঃমিঃ আতঁৰৰ পৰাই অন্য কোনো জীৱৰ দেহৰ উষ্ণতা অনুভৱ কৰিব পাৰে গ্ৰীষ্মপ্ৰধান অঞ্চল বাদুলিৰ প্ৰিয় যদিও শীতল আৰু উষ্ণ সাগৰীয় উপকূল অঞ্চল, পৰ্বতৰ উচ্চভূমি নতুবা মৰুভূমি অঞ্চলতো ইহঁতক দেখা যায়। দিনৰ ভাগত ইহঁত গুহা, গছৰ খোৰোং, বাঁহৰ চুঙা, ঘৰৰ চিলিং, বিভিন্ন ফাঁক নতুবা নিৰ্জন ঠাইত থকা পুৰণি গছৰ ডাল আদিত ওলমি থাকে আন্ধাৰ হোৱাৰ লগে লগে ইহঁত সক্ৰিয় হৈ পৰে।

প্ৰকাৰ:

বাদুলি সাধাৰণতে দু প্ৰকাৰৰ-অতিকায় বাদুলি(megabats বা megachiroptera) আৰু সূক্ষ্ম বাদুলি (microbats বা Microchiroptera) ইয়াৰ ওপৰিও আন এবিধ বাদুলি আছে যি ভেম্পায়াৰ(তেজ খোৱা বাদুলি) নামেৰে সমগ্ৰ বিশ্বতে জনাজাত বিশ্বৰ আটাইতকৈ বৃহৎ বাদুলিবিধ গল্ডেন ক্ৰাউন ফ্লায়িং ফক্স (golden-crowned flying fox) এই বিৰল প্ৰজাতিৰ এটা পৈনত বাদুলিয়ে পাখি মেলিলে ইয়াৰ এটা মূৰৰ পৰা আনটো মূৰলৈ দৈৰ্ঘ হয় পৰা ফুট (.-. মিটাৰ)




থাইলেণ্ড Bumblebee নামৰ বাদুলিৰ প্ৰজাতিটোৱেই হল পৃথিৱীৰ আটাইতকৈ সৰু আকাৰৰ বাদুলি যাৰ ওজন এটা ১০ পইচাৰ মুদ্ৰাতকৈও কম বৰ্ত্তমান এই প্ৰজাতি লুপ্তপ্ৰায় অৱস্থাত


Pipistrelle নামৰ বাদুলিবোৰৰ দৈৰ্ঘ মানুহৰ কনিষ্ঠ আঙুলিটোৰ সমান মেক্সিকান ফ্ৰী-টেইলড বাদুলিয়ে এটা নিশাতে ৪০২ কিঃমিঃ পৰ্যন্ত উৰিব পাৰে সিহঁতে ঘন্টাত ৯৭ কিঃমিঃ বেগত মাটিৰ পৰা ১০,০০০ ফুট পৰ্যন্ত ওপৰলৈকে উৰিব পাৰে পশ্চিম আফ্ৰিকা small woolly প্ৰজাতিৰ বাদুলি বিলাকে ডাঙৰ মকৰাই পতা জালত বাস কৰে টেক্সাচৰ ব্ৰাকেন বাদুলি গুহা (Bracken Bat cave) হৈছে আটাইতকৈ ডাঙৰ বাদুলিৰ কলনী এই গুহা ২০ মিলিয়নতকৈ অধিক বাদুলিৰ বসতিস্থান যেতিয়া বাদুলি বিলাকে নিশা গুহা এৰি উৰা মাৰে তেতিয়া তাৰ আকাশত ভয়ানক ধুমহা অহা যেন শব্দ হয় এই বোৰ বাদুলিয়ে নিশাটোতে প্ৰায় ২০০ টন পোক-পতংগ ভক্ষণ কৰে

বিস্ময়কৰ ভেম্পায়াৰ বাদুলি:

বিশ্বৰ একমাত্ৰ তেজখোৱা প্ৰাণী ভেম্পায়াৰ (Vampire) বাদুলি ইহঁতে তেজকে একমাত্ৰ খাদ্য হিচাবে গ্ৰহণ কৰি জীয়াই থাকে ভেম্পায়াৰ বাদুলিয়েই একমাত্ৰ বাদুলি যি মাটিত অসুবিধা নোহোৱাকৈ চলা-ফুৰা কৰিব পাৰে এই বিৰল বাদুলিবিধ কেৱল মধ্য আৰু দক্ষিণ আমেৰিকাতহে পোৱা যায় ভেম্পায়াৰ বাদুলিয়ে সংগ্ৰহ কৰা তেজ খিনি কেতিয়াৱা নিজৰ কলনিৰ আন ভোকাতু বাদুলিৰ মূখত বমি কৰি দি ভোক নিবাৰণত সহায় কৰে



ভেম্পায়াৰ বাদুলিয়ে চিকাৰৰ দেহৰ পৰা অতি কৌশলেৰে গম নোপোৱাকৈ তেজ শুঁহি লয় ইহঁতে মানুহ বা আন জীৱৰ গলৰ পিছফালে লাগি ধৰি সৰু সৰু চোকা দাঁত বহুওৱাই তেজ শুহে যদি ভেম্পায়াৰ বাদুলিয়ে কোনো মানুহ নিশা কামোৰে তেন্তে পিচ নিশাও পুনৰ সেইটো বাদুলিয়ে ৰক্ত পান কৰিবলৈ মানুহজনক বিচাৰি আহে ইহঁতে উশাহৰ দ্বাৰাই চিকাৰৰ সন্ধান উলিয়াব পাৰে  ভেম্পায়াৰ বাদুলিয়ে কামৰিলে ৰেবিজ্ অৰ্থাৎ জলাতংক ৰোগ হোৱাৰ সম্ভাৱনা থাকে বৈচিত্ৰময় এই ভেম্পায়াৰ বাদুলি মানুহৰ পৰম বিস্ময় আৰু আতংকৰ কাৰণ  ভেম্পায়াৰক বিষয়বস্তু হিচাপে লৈ ইতিমধ্যে দেশ-বিদেশত যথেষ্ট সংখ্যক চলচিত্ৰ আৰু ছিৰিয়েল নিৰ্মাণ কৰা হৈছে।

পৰিৱেশ সংৰক্ষণত বাদুলিৰ ভূমিকা:

বাদুলিয়ে পৰিবেশৰ ভাৰসাম্যতা বজাই ৰখাত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ফলভক্ষী বাদুলিবোৰে ফল খোৱাৰ পাছত বীজবোৰ তে তে সিঁচৰতি কৰি পেলাই দিয়াৰ ফলত উদ্ভিদৰ বংশবৃদ্ধি বহুলভাৱে হয়। আনহাতে ফুলৰ মৌ খাওঁতে এপাহ ফুলৰ পৰাগৰেণুবোৰ আন এপাহ ফুলৰ গৰ্ভমুণ্ডলৈ স্থানানন্তৰিত কৰি বাদুলিয়ে ফুলৰ পৰাগযোগ হোৱাত সহায় কৰে। পতংভোজী বাদুলিবোৰে অতি উচ্চহাৰত বংশবৃদ্ধি হোৱা অনিষ্টকাৰী কীট-পতংগবোৰ ভক্ষণ কৰি এইবোৰ কমাই ৰখাত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বাদুলিৰ বিষ্ঠাক guano বোলা হয় এই অৱশিষ্টত উচ্চ মাত্ৰাত ফচফৰাচ আৰু নাইট্ৰজেন মিহলি হৈ থকাৰ বাবে কৃষকে ইয়াক উত্তম সাৰ হিচাপে ব্যৱহাৰ কৰে আন্তৰ্জাতিক বাদুলি সংৰক্ষণ সংস্থা মতে বাদুলিয়ে তিয়হ খেতিত আক্ৰমণ কৰা অসংখ্য ফৰিং, গুৱৰুৱা পোক ইত্যাদি খাই কৃষকৰ বহু ধন ৰক্ষা কৰে বাদুলিৰ এটা সৰু কলনীয়ে এবছৰত টনতকৈ (১০০০ কেঃজিঃ) অধিক পোক-পৰুৱা ভক্ষণ কৰে নতুবা ৬০০ মিলিয়নতকৈ অধিক সংখ্যক ডাঙৰ গান্ধী-পোক, ফৰিং জাতীয় পোক-পতংগ খায় এটা বাদুলিয়ে ঘন্টাত ৬০০ টা গান্ধীপোক খাব পাৰে, যিটো মানুহে খোৱা ১৮ টা পিঁজা ওজনৰ সমান তিয়হৰ খেতিত এবাৰত আক্ৰমন কৰা এনে পোক-পতংগৰ সংখ্যা ৩৩ মিলিয়নতকৈও অধিক হব পাৰে কিছুমান গছৰ গুটি ইমানেই কঠিন হয় যে নিজে নিজে গজিঁব নোৱাৰে বাদুলিয়ে খাই মল ত্যাগ কৰাৰ পাছ মাটিত পৰি এইবোৰ গজিঁ উঠে বাদুলিয়ে এবছৰত লাখ-লাখ গুটিৰ সঞ্চাৰ কৰে গ্ৰীষ্ম মণ্ডলৰ বৰ্ষাৰণ্যৰ ৯৫% গছৰ বিস্তাৰ বাদুলিৰ দ্বাৰাই সম্পন্ন হয় ।

বাদুলিৰ সৈতে জড়িত কিছু লোক বিশ্বাস:

বাদুলি শুভ নে অশুভৰ চিহ্ন-এয়া এক বিতৰ্কিত প্ৰশ্ন কেইদিনমান আগতে ইন্টাৰনেটৰ জৰিয়তে ভাইৰেল হোৱা এটি ভিডিঅ দেখা গৈছিল যে এগৰাকী চীনা যুৱতীয়ে বাদুলীৰ মাংসৰ চুপ পান কৰি আছে উল্লেখযোগ্য যে চীনত প্ৰায়বোৰ ঘৰৰ দেৱালত বাদুলিৰ ছবি আঁৰি থোৱা থাকে চীনৰ ফেংচুই আজি সৰ্বজন বিদিত আৰু বহুলভাৱে জনপ্ৰিয় এই ফেংচুইৰ মতে ঘৰত বাদুলিৰ প্ৰতীক থাকিলে জীৱনলৈ সুখ-সমৃদ্ধি আহে

এনেকুৱা কিছুমান প্ৰথা তথা লোকবিশ্বাস ভাৰতবৰ্ষতো প্ৰচলিত আছে  বিহাৰৰ বৈশালী জিলাৰ চৰচয়ী গাওঁত স্থানীয় বিশেষ মন্দিৰত বাদুলিৰ পূজা-অৰ্চনা কৰা হয় এই গাওঁৰ বাসিন্দাসকলে গভীৰভাৱে বিশ্বাস কৰে যে বাদুলিয়ে গাওঁবাসীক বিভিন্ন বিপদ-আপদ তথা মহামাৰীৰ পৰা ৰক্ষা কৰে প্ৰতিবছৰে বাদুলিৰ পূজা চাবলৈ দেশ-বিদেশৰ পৰ্যটক এই গাওঁৰ মন্দিৰত ভিৰ কৰেহি গাওঁবাসীয়ে দাবী কৰা অনুযায়ী ৰাতিৰ ভাগত যদি কোনো বহিৰাগত লোক এই গাওঁত প্ৰৱেশ কৰে তেতিয়া ইয়াৰে স্থায়ী বাদুলিবোৰে জাকে জাকে উৰি চিঞৰ-বাখৰ আৰম্ভ কৰে চীনৰ দৰে এই অঞ্চলৰ লোকসকলৰো বিশ্বাস যে বাদুলিয়ে বাস কৰে তাত ধন-সম্পত্তিৰ অভাৱ নহয়

বৈশালীৰ দৰে বিহাৰৰ চুপৌল জিলাৰ লহৰনিয়া গাৱঁতো বাদুলিৰ পূজা কৰা হয় এই গাৱঁতো সহস্ৰাধিক বাদুলিৰ অৱস্থিতি আছে বাদুলিয়ে মহামাৰীৰ পৰা ৰক্ষা কৰিব পাৰে বুলি এই অঞ্চলতো এক লোকবিশ্বাস প্ৰচলিত আছে চট্টিশগড়ৰ বুন্দেলি নামৰ গাৱঁতো বিভিন্ন অপায়-অমংগলৰ পৰা হাত সাৰিবলৈ বাদুলিৰ নামত পূজা-উপাসনা কৰা হয়

বাদুলি আৰু ৰোগৰ সংক্ৰমণ:

বাদুলি বিভিন্ন মাৰাত্মক ভাইৰাছজনিত ৰোগৰ বাহক বাদুলিৰ দেহত পোৱা উল্লেখযোগ্য ভাইৰাছ সমূহ -

Ø  ৰেবিজ

Ø  নিপাহ ভাইৰাছ

Ø  নেলচ বেই ভাইৰাছ

Ø  পোলাও ভাইৰাছ

Ø  মেলাকা ভাইৰাছ

Ø  কম্পাৰ ভাইৰাছ.

Ø  এইচ. কে 23629/07

Ø  মিয়াজাকি বালি/2007

Ø  চিক‍ামত ভাইৰাছ

Ø  ইবোলা ভাইৰাছ

Ø  কৰনা ভাইৰাছ(চাৰ্চ ভাইৰাছ)

Ø  হান্টা ভাইৰাছ

Ø  মাৰ্বাৰ্গ ভাইৰাছ, ইত্যাদি

বাদুলিৰে জড়িত আন এক ৰোগ হিষ্টপ্লাজমচিছ(Histoplasmosis) l এই ৰোগ ‘Cave Disease’ বা ‘Darling Disease’ নামেৰেও জনাজাত এবিধ ৰেবিজ তথা এক বিৰল প্ৰজাতিৰ ভেকুঁৰ সম্বন্ধীয় ৰোগ কিন্তু এই ৰোগৰ বাবে হোৱা মৃত্যুৰ হাৰ অতি নগন্য ১০ লাখ আক্ৰান্তৰ প্ৰায় বা জনৰহে মৃত্যু ঘটে

 

যদি কোনো লোক ইবোলা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয় তেন্তে সেই ব্যক্তিৰ মৃত্যুৰ আশংকা ৯০% তকৈও অধিক হয়

 

চাৰ্চ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লে  মৃত্যুৰ অশংকা অতি কম যদিও এই ৰোগ অতি দ্ৰুতভাৱে মানুহৰ মাজত বিয়পি পৰে

 

বাদুলিৰ ভাইৰাছ মানৱদেহলৈ সংক্ৰমণৰ মূল কাৰণ সমূহ:

বাদুলিৰ দেহৰ পৰা এই মাৰাত্মক ভাইৰাছ সমূহ মানুহৰ দেহলৈ কেনেদৰে আহিল ইয়াৰ সঠিক কাৰণ এতিয়াও স্পষ্ট নহয় যদিও বিভিন্ন বিশেষজ্ঞৰ মতে ইয়াৰ সম্ভাৱ্য প্ৰধান কাৰণ সমূহ -

Ø  চীন, ইণ্ডোনেচিয়া আৰু আফ্ৰিকাৰ বিভিন্ন অঞ্চলৰ লোকে বাদুলিৰ মাংস ভক্ষণ কৰে

Ø  ভাৰতবৰ্ষতো অৰুণাচল প্ৰদেশৰ আদীজনগোষ্ঠীৰ লোকসকলে বাদুলিৰ মাংস ৰান্ধি খায়

Ø  মানুহৰ দ্বাৰা বনাঞ্চল ধ্বংস কৰাৰ ফলত জনবসতিপূৰ্ণ অঞ্চলসমূহলৈ বাদুলিৰ প্ৰবজন ঘটিব ধৰিছে



ইতিমধ্যে আমি ওপৰৰ বিশ্লেষণৰ পৰা গম পালো যে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত বাদুলিৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ  বৰ্তমান সময়ত আশ্ৰয়স্থলৰ সংকোচন, খাদ্যাভাব, প্ৰাকৃতিক দুৰ্যোগ, মানুহৰ দ্বাৰা ভক্ষণ আদি কাৰণসমূহৰ বাবে পূৰ্বতে বিস্তৃতি থকা বহুতো অঞ্চলৰপৰা বাদুলি ক্ৰমাৎ নোহোৱা হবলৈ ধৰিছে বাদুলিক অশুভ গণ্য কৰাতো অনুচিত আমি বাদুলিৰ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ সময় আহি পৰিছে বিভিন্ন দেশত বাদুলিৰ সংৰক্ষণৰ বাবে আইন প্ৰণয়ন কৰা হৈছে আমাৰ দেশতো প্ৰকৃতিপ্ৰেমী তথা চৰকাৰ-প্ৰশাসনে এইক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ লাগে অন্যথা বাদুলিৰ বিলুপ্তিৰ লগে লগেই হয়তো মানৱ সভ্যতাও পৃথিৱীৰ পৰা এদিন হেৰাই যাব

 

জিয়াৰুল চৌধুৰী

গ্ৰন্থাগাৰিক, দিল্লী পাব্লিক স্কুল কামৰূপ

 ৭৮৯৬৭-৫৪৭০০

 

তথ্য সংগ্ৰহ:

1.      https://youtu.be/nBfMqkk1-RU

2.      https://youtu.be/ALvCrNXjvIo

3.      https://navbharattimes.indiatimes.com/astro/photo/these-village-in-bihar-worship-bat-for-the-wealth-and-prosperity-saves-from-disaster-76064/

4.      https://as.vikaspedia.in/education/childrens-corner/9ac9be9a69c19b29bf9f0-9ac9bf9b79af9bc9c7

5.      https://as.m.wikipedia.org/wiki/%E0%A6%AD%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A7%B0_%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A7%81%E0%A6%B2%E0%A7%80

Comments

  1. বহুত তথ্যসমৃদ্ধ লিখনি ৷ পঢ়ি ভাল লাগিল জিয়াৰুল দা ৷

    ReplyDelete
    Replies
    1. ধন্যবাদ গিতাৰ্থ😊

      Delete

Post a Comment

Popular posts from this blog

ব্লেক ফাংগাছৰ বিষয়ে কিছু কথা