ব্লেক ফাংগাছৰ বিষয়ে কিছু কথা

কৰ' ণাৰ দ্বিতীয়টো ঢৌৰ মাজতে বিৰল কৃষ্ণ ভেকুঁৰ অৰ্থাৎ ব্লেক ফাংগাছ (Black Fungus) ৰোগবিধ এতিয়া চৰ্চাৰ কাৰণ হৈ পৰিছে । এই ৰোগ মিউকৰ অৰ্থাৎ ক ’ লা ভেকুঁৰৰ ফলত হয় । চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক মিউকৰমাইক ’ চিচ (Mucormycosis) বোলা হয় । গুজৰাট , মহাৰাষ্ট্ৰ , অন্ধ্ৰপ্ৰদেশ , উত্তৰপ্ৰদেশ , বিহাৰ আৰু উৰিষ্যাৰ দৰে ৰাজ্যসমূহত ব্লেক ফাংগাছৰ কেইবাটাও ঘটনা পোহৰলৈ আহিছে । অসমতো ইতিমধ্যে প্ৰথমজন আক্ৰান্তৰ খবৰ স্থানীয় টিভি চেনেল , কাকত , সামাজিক মাধ্যম আদিত বহুলভাৱে প্ৰচাৰ হোৱা পৰিলক্ষিত হৈছে । আহঁকচোন জানি লওঁ এই ব্লেক ফাংগাছ ৰোগবিধনো কি ! সচাঁকৈয়ে ই মাৰাত্মক নে ? এই ৰোগ সংক্ৰামক হয় জানো ? ক'ভিড ৰোগীৰ সৈতে ব্লেক ফাংগাছৰ কি সম্পৰ্ক ? ব্লেক ফাংগাছৰ কাৰক আৰু দেহত ইয়াৰ প্ৰৱেশ: মিউকৰমাইক'চিচ অৰ্থাৎ ব্লেক ফাংগাছ নামৰ ৰোগবিধ এতিয়া ক'ভিডৰ সমান্তৰালভাৱে ভাৰতবৰ্ষত চিকিৎসা যন্ত্ৰটোৰ বাবে এক নতুন প্ৰত্যাহবান স্বৰূপে থিয় দিছে । মিউকৰ অৰ্থাৎ ক'লা ভেকুঁৰৰ সংক্ৰমণৰ ফলত এই ৰোগবিধ হয় । এই ভেকুঁৰ সাধাৰণতে সেমেকাঁ মা...